Saturday, December 27, 2025

মাইক্রোএক্সপ্ৰেছন (Microexpressions)


মাইক্রোএক্সপ্ৰেছন (Microexpressions):

মাইক্রোএক্সপ্ৰেছন বুলিলে মানুহৰ মুখত হঠাৎ আহি মুহূৰ্ততে নোহোৱা হৈ যোৱা অতি সৰু আৰু অচেতন মুখভংগী বুজায়। এইবোৰ ইমান দ্ৰুত হয় যে সাধাৰণ চকুত প্ৰায় ধৰা নপৰে।

ইয়াৰ আৰম্ভণি আৰু গৱেষণা
১৯৬০ দশকত হেগাৰ্ড আৰু আইজাকছ নামৰ দুজন গৱেষকে থেৰাপীৰ সময়ত মানুহৰ মুখত দেখা পোৱা সৰু-সৰু ভংগীৰ ওপৰত গৱেষণা কৰে। পিছত মনোবিজ্ঞানী পল একম্যান এই বিষয়ত গভীৰ অধ্যয়ন কৰে আৰু দেখুৱায় যে— এই মুখভংগীবোৰ প্ৰকৃত অনুভৱৰ প্ৰতিফলন মানুহে লুকুৱাব খুজিলেও এইবোৰ ওলাই আহে সকলো সংস্কৃতি আৰু দেশত এইবোৰ প্ৰায় একে ধৰণৰ

মাইক্রোএক্সপ্ৰেছন কেনেকৈ সৃষ্টি হয়?
আমাৰ মগজুত দুটা পথ থাকে—
স্বেচ্ছামূলক (Voluntary) – আমি ইচ্ছাৰে দেখুওৱা মুখভংগী
অস্বেচ্ছামূলক (Involuntary) – অনুভৱৰ পৰা আপোনা-আপুনি ওলোৱা মুখভংগী
মাইক্রোএক্সপ্ৰেছন দ্বিতীয় ধৰণৰ, অৰ্থাৎ এইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

মুখ্য মানৱ অনুভৱ আৰু ইয়াৰ চিন
পল একম্যান মতে মানুহৰ ৬টা মূল অনুভৱ থাকে—
আনন্দ: গাল ওপৰলৈ উঠা, চকুৰ কাষত সৰু ভাঁজ
দুখ: চকু আৰু ঠোঁট তললৈ নামা
খং: ভ্ৰূ কুচি ধৰা, চকু টান হোৱা
ভয়: চকু ডাঙৰ হোৱা, মুখ টান হোৱা
ঘৃণা: ওপৰ ঠোঁট উঠা, নাক কুচি ধৰা
আচৰ্য্য: চকু বহল, ভ্ৰূ ওপৰলৈ উঠা
এই সকলোবোৰ খুব ক্ষণিক সময়ৰ বাবে দেখা যায়।

মাইক্রোএক্সপ্ৰেছন আৰু মিছা
এই গ্ৰন্থত কয়— কেৱল মাইক্রোএক্সপ্ৰেছন দেখিয়েই কাকো মিছলীয়া বুলিব নোৱাৰি
বহু সময়ত এইবোৰ চাপ, নাৰ্ভাছনেছ বা অস্বস্তিৰ চিন আৰু লগতে পৰিস্থিতি আৰু প্ৰসংগ বুজি লোৱাটো অতি জৰুৰী

এই জ্ঞান কেনেকৈ ব্যৱহাৰ কৰিব লাগে?
ব্যক্তি জনৰ কথা আৰু মুখভংগীৰ মাজত অমিল আছে নে নাই চাওক ।
মুখভংগী, ব্যৱহাৰ, পৰিস্থিতি ইত্যাদি সম্পূৰ্ণ অৰ্থত বুজিবলৈ চেষ্টা কৰক।
মনত ৰাখিব ইয়াৰ লক্ষ্য “ মিছা ধৰা পেলোৱা” নহয়, বৰং মানুহক ভালকৈ বুজা

মূল শিক্ষা :মাইক্রোএক্সপ্ৰেছন এটা শক্তিশালী উপায়—
মানুহৰ অন্তৰৰ অনুভৱ বুজিবলৈ, সহানুভূতি আৰু ইমোচনেল ইণ্টেলিজেন্স বঢ়াবলৈ মাইক্রোএক্সপ্ৰেছন এটা শক্তিশালী উপায়। কিন্তু ই একা প্ৰমাণ নহয়, মাথোঁ এটা সংকেতহে।

শৰীৰৰ ভাষা

মানুহে নিজৰ সত্য অনুভূতি আৰু উদ্দেশ্য লুকুৱাব নোৱাৰে। মানুহে কি কয় তাতকৈ তেওঁলোকৰ শৰীৰৰ ভংগী, মুখৰ ভাব আৰু আচৰণে বেছিকৈ সত্য কথা প্ৰকাশ কৰে। তথাপি, কেৱল শৰীৰৰ ভাষাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰাটো ঠিক নহয়।

1. কৰ্ম কথাতকৈ ডাঙৰ

মানুহে মুখেৰে যি কয় সেয়া সদায় সঁচা নহ’বও পাৰে।

কিন্তু মানুহৰ মুখৰ ভাব, চকুৰ দৃষ্টি, হাত-ভৰিৰ লৰচৰ আদিয়ে ভিতৰৰ অনুভূতি প্ৰকাশ কৰি পেলায়।

সেইবাবে কোৱা হয়—“কথাতকৈ কাম ডাঙৰ।”



2. আমি সদায় মনোভাৱৰ বহিৰ্প্ৰকাশ কৰি থাকোঁ

মানুহে কথা নক’লেও তেওঁলোকৰ শৰীৰে বহু কথা কয়।

আমাৰ অনুভূতি আৰু উদ্দেশ্যৰ অধিকাংশ তথ্য শৰীৰৰ ভাষাৰ জৰিয়তে প্ৰকাশ পায়।

মুখেৰে কোৱা কথা যোগাযোগৰ এটা সৰু অংশহে।



3. শৰীৰে মনৰ অৱস্থা প্ৰকাশ কৰে

মানুহৰ আচৰণ, ভংগী, কথা বতৰাৰ ধৰণে তেওঁলোকৰ ভয়, প্ৰেৰণা আৰু অনুভূতিৰ সংকেত দিয়ে।

যদিও কোনোবাই এইবোৰ লুকুৱাব চেষ্টা কৰে, তথাপিও শৰীৰে সত্যটো উলিয়াই দিয়ে।

সেইকাৰণে কোৱা হৈছে—“শৰীৰে মিছা নকয়।”



4. এই পদ্ধতি সম্পূৰ্ণ নিশ্চিত নহয়

সকলো ক্ষেত্ৰতে শৰীৰৰ ভাষা বুজি মানুহ বিচাৰ কৰাটো ঠিক নহয়।

সকলো মানুহ বেলেগ বেলেগ, আৰু পৰিস্থিতি (context) খুবেই গুৰুত্বপূৰ্ণ।

এটা মুখৰ ভাব বা এটা আচৰণৰ ওপৰত আধাৰ কৰি সিদ্ধান্ত লোৱা উচিত নহয়।



5. সম্পূৰ্ণ চিত্ৰটো চোৱা প্ৰয়োজন

মানুহ বুজিবলৈ হ’লে বহু সংকেত একেলগে চাব লাগে।

সময়, পৰিস্থিতি আৰু সামগ্ৰিক আচৰণ মিলাই হে সঠিক বুজাবুজি হয়।

মানুহ পঢ়াটো এটা সমগ্ৰ দৃষ্টিভংগীৰ কৌশল 

এটা বাক্যত

মানুহে নিজৰ শৰীৰৰ ভাষাৰ জৰিয়তে সত্য অনুভূতি প্ৰকাশ কৰে, কিন্তু সঠিক বুজাবুজিৰ বাবে পৰিস্থিতি আৰু সকলো দিশ একেলগে বিবেচনা কৰিব লাগে।

Thursday, June 1, 2023

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অসমৰ ৩ খন শীৰ্ষ চিকিৎসা মহাবিদ্যালয় গুৱাহাটী, ডিব্ৰুগড়, আৰু বৰপেটাৰ স্বীকৃতি বাতিল কৰে


বাতৰিকাকতত প্ৰকাশিত এক তথ্য অনুসৰি, দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়ে National Medical Commission (NMC) অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি হেৰুৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ হ'ল দেশৰ চিকিৎসা শিক্ষা আৰু চিকিৎসা পেছাদাৰীসকলৰ নিয়ন্ত্ৰণক এক সংস্থা । ইতিমধ্যে সমগ্ৰ দেশৰ ৪০খন চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি হেৰুৱাই পেলাইছে আৰু লগতে এই মহাবিদ্যালয় সমূহে NMCক প্ৰমাণ কৰি দেখুৱাব লাগিব যে তেওঁলোকে নিৰ্ধাৰিত মানদণ্ড মানি চলিছে।

NMCৰ নিৰীক্ষণত থকা মহাবিদ্যালয়সমূহৰ তালিকাত গুজৰাট, অসম, পুডুচেৰী, তামিলনাডু, পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ কিছু চিকিৎসা মহাবিদ্যালয়সমূহ অন্তৰ্ভুক্ত বুলি সূত্ৰটোত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত অসমৰ গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজো আছে বুলিও বাতৰি ওলাইছে।

আয়োগৰ স্নাতক চিকিৎসা শিক্ষা ব’ৰ্ডে (Undergraduate Medical Education Board) এমাহৰো অধিক কাল ধৰি চলোৱা পৰিদৰ্শনৰ সময়ত এই চিকিৎসা মহাবিদ্যালয় সমূহত কিছুমান অভাৱ থকা দেখা গৈছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য কিছুমান সমস্যা হ'ল চিচিটিভি কেমেৰা, আধাৰ কাৰ্ডৰ মাধ্যমেৰে হোৱা বায়’মেট্ৰিক উপস্থিতি পদ্ধতি আৰু অধ্যাপকৰ উপলব্ধতা।

সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, মহাবিদ্যালয়সমূহে কেমেৰা সঠিকভাৱে স্থাপন কৰা নাছিল আৰু এই কেমেৰা সমূহৰ ক্ৰিয়া পদ্ধতিৰ মাপকাঠী মানি চলা নাছিল।  বায়’মেট্ৰিক সুবিধাসমূহ সঠিকভাৱে কাম কৰা নাছিল। ইয়াৰ উপৰিও পৰিদৰ্শনৰ সময়ত অধ্যাপক সকলৰ বহু পদো খালী হৈ থকা দেখা গৈছিল।

এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়সমূহে পুনৰ স্বীকৃতিৰ বাবে আয়োগৰ ওচৰত আবেদন কৰাৰ বিকল্প উপলব্ধ আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।  ৩০ দিনৰ ভিতৰত এই মহাবিদ্যালয় সমূহে NMCত প্ৰথম আবেদন কৰিব পাৰিব।  যদিহে আবেদন নাকচ হয় তেন্তে তেওঁলোকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কাষ চাপিব পাৰে।

যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবিয়া (Mansukh Mandaviya)  ডাঙৰিয়াই নিয়ম মানি নচলা বা উপযুক্ত অধ্যাপক নথকা চিকিৎসা মহাবিদ্যালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা সকীয়াই দিছিল৷  তেখেতে লগতে ইয়াকো কৈছিল যে ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা দিব লাগিব, আৰু একো একোগৰাকী উৎকৃষ্ট চিকিৎসক হিচাপে গঢ়ি তুলিব লাগিব।

ভাৰতৰ দৰে এখন দেশত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসনৰ সংখ্যা তেনেই সীমিত, গতিকে এই ক্ষেত্ৰত ১৫০খন চিকিৎসা প্ৰতিষ্ঠানৰ স্বীকৃতি হেৰুৱাব লগীয়া হ'লে ই দেশখনৰ বাবে সংকটৰ সৃষ্টি কৰিব পাৰে।

Wednesday, May 31, 2023

বুকাৰ বঁটাৰ বিষয়ে কিছু কথা

আজি আপোনাকক কবলৈ লৈছো এনে এটা বঁটাৰ বিষয়ে যিটো বঁটা লাভ কৰাৰ সপোন প্ৰতিজন লেখকে দেখে। এই বঁটা হ'ল তেখেত সকলৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা, আৰু সাহিত্য প্ৰতিভাৰ চূড়ান্ত স্বীকৃতি। হয় আজি আপোনাকক কবলৈ লৈছোঁ বুকাৰ বঁটাৰ বিষয়ে!

বুকাৰ বঁটা হৈছে ইংৰাজী ভাষাত ৰচিত আৰু ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসক প্ৰতি বছৰে দিয়া এটা বিশেষ বঁটা। পূৰ্বতে এই বঁটাক Booker Prize for Fiction অৰ্থাৎ কল্পকাহিনীৰ বুকাৰ বঁটা আৰু তাৰ পিছত Man Booker Prize বুলি কোৱা হৈছিল। বুকাৰ পুৰস্কাৰ বিজয়ী লেখক গৰাকীয়ে সাধাৰণতে সাহিত্যৰ ক্ষেত্ৰখনত বিশেষ মনোযোগ পায়, আৰু ইয়াৰ ফলত তেওঁলোকৰ কিতাপ অধিক বিক্ৰী হোৱাত সহায়ক হয় । প্ৰথমাৱস্থাত কিছুমান বিশেষ দেশৰ নাগৰিকেহে এই পুৰস্কাৰ লাভ কৰিব পাৰিছিল যদিও ২০১৪ চনৰ পৰা এই নিয়ম সলনি হয় আৰু ইংৰাজীত কিতাপ লিখা যিকোনো ব্যক্তিয়েই এই বঁটা জয় কৰিব পাৰে। আন্তৰ্জাতিক বুকাৰ বঁটা নামৰ আন এটা পুৰস্কাৰ প্ৰথমে বেলেগ ভাষাত লিখা আৰু তাৰ পিছত ইংৰাজীলৈ অনুবাদ কৰা কিতাপক দিয়া হয়। এই ক্ষেত্ৰত পুৰস্কাৰৰ ধন বিজয়ী কিতাপখনৰ লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা হয়।


পুৰস্কাৰ বিজয়ীক বাছনি কৰিবলৈ পৰামৰ্শদাতা সমিতি এখন গঠন কৰা হয়। এই সমিতিত বুকাৰ প্ৰাইজ ফাউণ্ডেচনে নিৰ্বাচন কৰা এজন লেখক, দুজন প্ৰকাশক, এজন সাহিত্যিক এজেণ্ট, এজন কিতাপ বিক্ৰেতা, এজন লাইব্ৰেৰিয়ান আৰু এজন অধ্যক্ষ থাকে। ইয়াৰ পিছত তেওঁলোকে পাঁচজন বিচাৰকক বাছি লয়, যিসকলে সেই বছৰৰ শ্ৰেষ্ঠ কিতাপখনৰ সিদ্ধান্ত লয়। বিচাৰকসকল সাধাৰণতে সুপৰিচিত সাহিত্য বিশেষজ্ঞ, লেখক, ৰাজহুৱা ব্যক্তি হয়।

১৯৬৯ চনত প্ৰথম আৰম্ভ হোৱা বুকাৰ বঁটাটোৰ পৃষ্ঠপোষকতা কৰিছিল বুকাৰ, মেককনেল লিমিটেড Booker, McConnell Ltd নামৰ এটা কোম্পানীয়ে। ২০০২ চনত মান গ্ৰুপ Man Group নামৰ এটা নতুন কোম্পানীয়ে এই বঁটাৰ পৃষ্ঠপোষকতা কৰিবলৈ আৰম্ভ কৰে যদিও তেওঁলোকে পূৰ্বৰ "বুকাৰ" নামটো বাহাল ৰাখিলে। বৰ্তমান সময়ত বুকাৰ প্ৰাইজ ফাউণ্ডেচন নামৰ সংস্থাটোৱে এই পুৰস্কাৰটো চলাই আছে, আৰু ইয়াৰ বাবে ধন আগবঢ়োৱা হৈছে ফাউণ্ডেশ্যনৰ মালিকানাধীন বুকাৰ প্ৰাইজ ট্ৰেডিং লিমিটেডৰ লাভৰ পৰা। বিজয়ীজনৰ বাবে পুৰস্কাৰৰ ধন আগতে ৫ হাজাৰ পাউণ্ড আছিল যদিও ২০০২ চনত ই ৫০ হাজাৰ পাউণ্ডলৈ বৃদ্ধি পায়। চৰ্টলিষ্ট কৰা লেখকসকলে প্ৰত্যেকেই ২৫০০ পাউণ্ড আৰু তেওঁলোকৰ কিতাপখনৰ বিশেষ সংস্কৰণ লাভ কৰে।  


বুকাৰ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি আছিল পি এইচ নিউবাই ( P. H. Newby) । ১৯৬৯ চনত তেওঁৰ ছামথিং টু এন্সাৰ ফৰ ( Something to Answer For) গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল বাৰ্নিচ ৰুবেনছ। তেওঁ ১৯৭০ চনত দ্য ইলেক্টেড মেম্বাৰৰ ( The Elected Member) গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল ।  

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে বুলগেৰিয়ান ভাষাত প্ৰকাশিত টাইম শ্বেলটাৰ নামৰ উপন্যাসখনে । আলঝেইমাৰ ৰোগত আক্ৰান্ত লোকক সহায় কৰা এখন বিশেষ ক্লিনিকৰ বিষয়ে এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে। কাল্পনিক এই ক্লিনিকখনৰ প্ৰতিটো মহলাক একো একোটা দশকৰ দৰে কৰি তোলা হৈছে, আৰু ই ৰোগীসকলক তেওঁলোকৰ অতীতৰ কথাবোৰ মনত ৰখাত সহায় কৰে। কিতাপখনৰ মূল চৰিত্ৰটোৱে ক্লিনিকখনক অধিক বাস্তৱসন্মত কৰি তুলিবলৈ বিভিন্ন দশকৰ বস্তু সংগ্ৰহ কৰাৰ দায়িত্ব লৈছিল। কিন্তু ক্লিনিকখন পতিয়ন যোগ্য হৈ অহাৰ লগে লগে অধিক সংখ্যক অসুস্থ লোকে ক্লিনিকলৈ আহিবলৈ আৰম্ভ কৰে। তেখেতে সকলে আধুনিক জীৱনৰ সমস্যাৰ পৰা পলায়ন কৰি অতীতলৈ উভতি যাব বিচাৰে। ইয়াৰ ফলত অতীতটো বৰ্তমানৰ লগত মিহলি হ’বলৈ আৰম্ভ হৈ সমস্যাৰ সৃষ্টি কৰিলে।

এই গ্ৰন্থখনৰ লিখিছে বুলগেৰিয়াৰ এগৰাকী বিখ্যাত লেখক জৰ্জি গোছপডিনভে ( Georgi Gospodinov) । তেখেতে বহুতো গ্ৰন্থ, কবিতা, ৰচনা, চিত্ৰনাট্য আৰু গ্রাফিক উপন্যাস ৰচনা কৰিছে। 

Thursday, January 28, 2021

অসমৰ কৃষক শ্বহীদ দিৱস

১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পাথৰিঘাটত ১৪০ জন অসমীয়া কৃষকে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুৱাইছিল। ইয়াৰ স্মৃতি স্বৰূপে এই বেলিও অসম চৰকাৰে ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে পাথৰিঘাটত কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস পালন কৰে। এনে এক সময়ত "ৰংমন অসম" টীমৰ ফালৰ পৰা দুটা পডকাষ্ট আপোনালোকলৈ আগবঢ়াইছো। আশাকৰোঁ আপোনালোকে শুনি ভাল পাব। পডকাষ্ট দুটা শুনিবলৈ তলত দিয়া লিংক দুটাত ক্লিক কৰক