Monday, April 13, 2020

Social & Economic Reforms of Sankardeva||মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰ


এজন ব্যক্তি.. যিজনাৰ সৃষ্টি প্ৰতি ঘৰ অসমীয়াই দৈনিক শ্ৰৱণ কীৰ্তন কৰে। এজন ব্যক্তি, যিজনাৰ ব্যক্তিত্বৰ কথা অধ্যয়ন কৰি আমি প্ৰতি জন অসমীয়া ডাঙৰ হৈছো।এজন ব্যক্তি..যিজনাই কৰি যোৱা সমাজ সংস্কাৰৰ ভেটিত আমি জীৱন কটাইছো, সেইজনাই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল ধৰ্ম প্ৰচাৰকৰূপেই নহয় আৰ্থ-সামাজিক সংস্কাৰক হিচাপেও যথেষ্ট অৱদান দি গৈছিল ৷ মধ্যযুগৰ অস্থিৰ অসমীয়া সমাজ খনত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেখেতে অহোপুৰুষাৰ্থ কৰিছিল৷ অসমৰ সমাজ জীৱনলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ কোনো তুলনা নাই৷ মহাপুৰুষ জনাই ভেটি স্থাপন কৰা আদৰ্শ সমাজ খনত আছিল সমতা আৰু মানৱতা, গণতান্ত্ৰিক প্ৰমূল্যবোধ৷ অসমীয়া মানুহৰ খাদ্য, সাজ-পাৰ, আচৰণ, মানসিকতা আদিৰ সংশোধন কৰি তেওঁ অসমীয়া সমাজখন সুস্থ কৰিব বিচাৰিছিল৷ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা শংকৰদেৱৰ এটা প্ৰধান উদ্দেশ্য আছিল৷ আজিৰ এই লিখনিত গুৰুজনাৰ সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰ সমূহৰ বিষয়ে কিছু আলোচনা কৰিম।

গুৰুজনাৰ সমাজ সংস্কাৰ মুলক কৰ্মৰাজি

       মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া সকলৰ বাবে যে অকল ধৰ্ম গুৰু আছিল তেনে নহয়। মহাপুৰুষ জন আছিল আমাৰ সমাজৰ গুৰু। অসমীয়া সমাজত তেওঁৰ অবদান অতুলনীয় আৰু অদ্বিতীয়। যদি আমি মধ্যযুগৰ বুৰঞ্জী লুটিয়াই চাও,আমি দেখিম যে সেই সময়ত অসমত জাতি ভেদ আৰু অন্ধবিশ্বাস আদিয়ে আবৰি ধৰিছিল।। নিচ জাতি উচ্চ জাতি ৰ মাজত ভেদ ভাৱ বাঢ়ি গৈছিল। দেৱ দেৱীক পূজা কৰা নিয়ম নীতি বোৰ ব্যয় বহুল হোৱা বাবে সাধাৰণ ৰাইজৰ সহজলভ্য নাছিল। 

      এই সময়ত গুৰুজনাৰ আবিৰ্ভাৱ অসমীয়াৰ বাবে আশীৰ্বাদ স্বৰূপ। তেওঁ সকলো জাতিকে এক কৰি এক শৰণ নাম ধৰ্ম ত সামৰি লৈছিল। আহোম,গাৰো, মিৰি,ব্ৰাহ্মণ সকলোকে তেখেতে এক শৰণ নাম ধৰ্ম ত আকোঁৱালি লৈছিল। এক শৰণ নাম ধৰ্ম-- মানে এক ঈশ্বৰ। সকলোৱে সামাজিক ভেদাভেদ, উচ্চ নিছ আৰু ধৰ্মীয় ভেদ পাহৰি মিলি জুলি হৰি ৰ নাম লৈ শ্ৰৱণ কীৰ্তন কৰাটো আছিল এক শৰণ নাম ধৰ্মৰ মূল উদ্দেশ্য। অতি সাধাৰণ ভাৱে কিন্তু এক গোট হৈ সকলোৱে মিলি গুৰুজনাৰ ওচৰত ঈশ্বৰ ৰ নাম  লৈছিল। এই এক শৰণ নাম ধৰ্মই আমাৰ অসমীয়া সমাজ খন এক গোট কৰি আগুৱাই লৈ গৈছিল আৰু এতিয়াও গৈ আছে। ইয়াৰে এটা উদাহৰণ হিচাপে কও- আমাৰ নামঘৰ, গাওঁ বা চহৰ সকলোতে নামঘৰ দেখা পোৱা যায়। এই নামঘৰ গুৰুজনাৰ সৃষ্টি। ঈশ্বৰ বন্দনা লগতে ইয়াত ৰাইজ এক গোট হৈ সামাজিক, গঠনমূলক আলোচনা কৰাও দেখা যায় ,যিয়ে সমাজ খনক এক গোট কৰি আগুৱাই লৈ যায়।

মহাপুৰুষজনাৰ অৰ্থনৈতিক সংস্কাৰ সম্পৰ্কীয় কৰ্মৰাজি

         গুৰুজনা ৰ সমাজ সংস্কাৰ লগতে আমাৰ অৰ্থনৈতিক দিশতো অবদান দেখা পাও। যিহেতু আগতেই উল্লেখ কৰিছো আমাৰ মধ্য যুগ ত ভেডাভেদ বাঢ়ি গৈছিল ,সেই ভেদ বোৰ অকল জাতি ভিত্তিক নাছিল , ধনী দুখীয়া ভেদ বোৰো বাঢ়ি গৈছিল। ভগৱান ক পূজা অৰ্চনা কৰা ব্যয়বহুল  নিয়ম নীতি বোৰ বাঢ়ি গৈছিল আৰু পূজা যেন অকল আৰ্থিক দিশত স্বচ্ছল মানুহ ৰ বাবে আছিল। কিন্তু গুৰু জনাই সমাজ খন ক এক শৰণ নাম ধৰ্ম জৰিয়তে বুজাইছিল যে ঈশ্বৰৰ নাম লবলৈ ধন নহয় অথবা কোনো আড়ম্বৰ পূৰ্ণ হোৱাৰ প্ৰয়োজন নাই , পবিত্ৰ মন ,ভক্তি অাৰু ঈশ্বৰ ৰ শ্ৰৱণ কীৰ্তনৰ হে প্ৰয়োজন মাথো। আৰু এটা উদাহৰণ স্বৰূপে আমি লব পৰো , গুৰুজনাই প্ৰবৰ্তন কৰা বুট- মাহ প্ৰসাদ প্ৰথা। স্বাস্থ্য উপযোগী আৰু অতি সহজ ভাবে উপলব্ধ এই প্ৰসাদ, যিহেতু আমাৰ এখন কৃষি প্ৰধান সমাজ।  ইয়াৰ এটা অৰ্থনৈতিক দিশ দেখা যায়,সদায় নাম কীৰ্তন কৰিলে বুট মাহ প্ৰসাদৰ সংখ্যা বাঢ়ি গৈ থাকিব ৰাজহুৱা ভৰালত আৰু সময়ত সেইবোৰ অভাৱ গ্ৰস্ত মানুহক সাহায্য হিচাপে দিব পাৰি! গুৰুজনাই শিপিনী সকলকো আৰ্থিক দিশত স্বাৱলম্বী কৰা প্ৰয়াস কৰা দেখা যায়, বৃন্দাৱনী বস্ত্ৰ তৈয়াৰ কৰাটো উদাহৰণ স্বৰূপে লব পাৰোঁ!!

       শঙ্কৰদেৱে এখন আদৰ্শ ভেদাভেড হীন সমাজ আৰু এক ঈশ্বৰ বন্দনা কৰি জীয়াবলৈ সকলোকে প্ৰেৰিত কৰা দেখা যায়।। আজি অসমীয়া সমাজ খন যি পৰ্যায় পাইছেগৈ , যত জাতি ধৰ্ম লৈ কোনো ভেদাভেদ নাই সেয়া গুৰুজনাৰ অবদান আৰু এই আদৰ্শ আগত লৈ আমি অসমীয়া সমাজ খন এক গোট হৈ আগুৱাই যাব লাগিব।

গতিকে এই আলোচনাটোৰ পৰা আমি ক'ব পাৰো যে মহাপুৰুষ জনাই নিজৰ জীৱন উচ্চ-নীচ, জাত-পাত, বৰ্ণ-বৈষম্য বিহীন এখন সুষম আৰু আৰ্থিকভাৱে সচ্চল বৃহত্তৰ বৰ অসম গঢ়াৰ নামত উৎসৰ্গা কৰিছিল। আহক আমি সকলোৱে মিলি মহাপুৰুষ জনাই গাঁঠি যোৱা বৰ অসমৰ একতাৰ দোলডাল আৰু অধিক সবল কৰো।

Sunday, April 12, 2020

Social & Economic Reforms of Sankardeva||মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু...

Rongali Bihu and it's related FOOD Items😍😋//ৰঙালী বিহু আৰু ইয়াৰ লগত জড়িত পৰম্পৰাগত খাদ্য সম্ভাৰ//

Bihu is the ancestral property of our Assamese. Rongali Bihu is the festival of joy.It marks the beginning of Assamese New Year. This video is an effort to explore our unique blend of Assamese food , culture, tradition related to Rongali Bihu and to make everyone familiar about our beautiful Rongali Bihu and it's related traditions and food habits.


https://youtu.be/kV9hLosjoM8